পৰমগীত7asm_irv

প্রিয়ৰ কথা:

1হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখনদেখাত কিমান যে ধুনীয়া!তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে,সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।2তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা;তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়।তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা,যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা।3তোমাৰ স্তন দুটা যেনহৰিণীৰ দুটি পোৱালি,এটি কৃষ্ণসাৰৰ যমজ পোৱালি।4হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনাতোমাৰ ডিঙিৰ গঠণ;তোমাৰ নয়ন দুটি, হিচবোনতবৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা;তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈযি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।5তোমাৰ ওপৰত থকা মূৰটোকৰ্মিল পাহাৰৰ নিচিনা, আৰুতোমাৰ মূৰৰ চুলিকোছাঘন বেঙেনা বৰণীয়া;সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।6হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!7তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা,বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।8মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।”তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক,তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;9তোমাৰ মূখৰ চুমা মোৰ বাবেসকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনাসেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক। প্রিয়াৰ কথা:10মই মোৰ প্ৰিয়ৰ,আৰু তেওঁৰ বাঞ্ছা মোলৈ;11হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ,আৰু ৰাতি গাৱঁ বোৰত গৈ থাকোঁগৈ।12ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ;দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই,তাৰ ফুল ফুলিছে নে নাই,আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ;তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।13দুদা ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে;ন-পুৰণি সকলো ধৰণৰ ফলআমি থকা ঠাইৰ দুৱাৰতে আছে।হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।