পৰমগীত3asm_irv

কইনাৰ সপোন:

1ৰাতি মোৰ শয্যাতমোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো;মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ;2মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম;ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম;তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।”মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ।3প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত,মোক দেখা পালে।মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?”4তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই,মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ।তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে,মই তেওঁক এৰি নিদিলোঁ;যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল,মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো। ৰমণীসকলৰ প্রতি উক্তি:5হে যিৰূচালেমৰ যুৱতীসকল,কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া,আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকেতোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। বিবাহৰ বাবে চলোমনৰ আগমণ6মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে?তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ,গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে।7চোৱা, সৌৱা চলোমনৰ দোলা;ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে;তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য।8তেওঁলোক সকলোৰে লগত আছে তৰোৱাল;যুদ্ধত তেওঁলোক সুদক্ষ;তৰোৱাল ককালত বান্ধি লৈতেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে।9ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে,এটি দোলা নির্মাণ কৰিলে।10দোলাৰ খুটাবোৰ ৰূপেৰেপিছৰ ভাগ সোণেৰে,আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী;যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰেতাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল11হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ,চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে;তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা,তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।