প্ৰকাশিত বাক্য18asm_irv

বাবিল মহা-বেশ্যাৰ বিনাশ

1এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ; তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱী খন দীপ্তিময় হ’ল।2তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে,“পৰিল, পৰিল সেই বাবিল মহা-নগৰ!তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছেসকলো অশুচি আত্মাৰ কয়দখানাআৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল।3কিয়নো সকলো জাতি তাইৰব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে,তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”4পাছত আন এক আকাশ বাণীত এনেদৰে কোৱা শুনিলোঁ,“হে মোৰ লোক সকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহাযাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱাআৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা৷5কিয়নো তাইৰ পাপ স্বৰ্গলৈ বৃদ্ধি পালে,আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে।6তাই যি দৰে দিলে, তোমালোকেও তাইক সেইদৰে প্ৰতিফল দিয়া,আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া;যি পান-পাত্ৰত পেয় যুগুত কৰিলে, সেই পান-পাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা।7তাই যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিলতাইক সিমান যাতনা আৰু শোক দিয়া৷কিয়নো তাই মনতে কয়,‘মই ৰাণী হৈ বহি আছোঁ;মই বিধৱা নহওঁআৰু মই শোকৰ দিন কেতিয়াও নেদেখিম।’8সেই বাবে তাইৰ সকলো উৎপাত:মৃত্যু শোক আৰু আকাল;একেদিনাই উপস্থিত হ’ব৷তাইক জুইত পুৰি পেলোৱা যাব,কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।9পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷10তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব,“হায় হায়, বাবিল মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ,পৰাক্ৰমী বাবিল নগৰ!কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।”11পৃথিৱীৰ সদাগৰ সকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিছে,12কিয়নো তেওঁলোকৰ বাণিজ্য-দ্ৰব্য, অৰ্থাৎ সোণ, ৰূপ, বহুমুলীয়া মণি, মুকুতা, শণ সুতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী-দাঁতৰ আটাই পাত্ৰ আৰু বহুমুল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্ম্মৰ শিলৰ সকলো পাত্ৰ,13ডালচেনি, মচলা, ধূপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আৰু ৰথ, বন্দী মানুহ আৰু মানুহৰ প্ৰাণ, এতিয়া কোনেও নিকিনে৷14তোমাৰ প্ৰাণৰ অভিলাষিত ফলবোৰ তোমাৰ পৰা গুচি গ’ল৷সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ’ল;সেইবোৰ কেতিয়াও পুনৰ নাপাবা।15এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ’ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দুৰৈত থিয় হৈ, ক্ৰন্দন আৰু শোক কৰিব৷16তেওঁলোকে কব,“হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰযি শণ সুতাৰ মিহি কাপোৰ পিন্ধা,বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধাআৰু সোণ, বহুমুলীয়া মণি আৰু মুকুতাৰে অলঙ্কৃত হোৱা!”17এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল।জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷18তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, “এই মহা-নগৰ তুল্য কোন নগৰ আছে?”19আৰু তেওঁলোকে নিজৰ মুৰত ধুলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক’লে,“হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰযত সকলো জাহাজৰ গৰাকী সকলসাগৰত থাকি যি নগৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ’ল,এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ’ল।”20 হে স্বৰ্গ,পবিত্ৰ লোক, পাঁচনি আৰু ভাববাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা,কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”21পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে,“এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব,আৰু কেতিয়াও দেখা নাযাব।22বীণা বজোৱা, গায়ন-বায়ন,বাঁহীবাদক আৰু কালি বজোৱা সকলৰ মাততোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব৷আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোকতোমাৰ মাজত কেতিয়াও পোৱা নাযাব৷জাঁত-ঘৰৰ মাততোমাৰ মাজত কেতিয়াও শুনা নাযাব;23চাকিৰ পোহৰতোমাৰ মাজত কেতিয়াও দেখা নাযাব৷দৰা আৰু কন্যাৰ মাততোমাৰ মাজত কেতিয়াও শুনা নাযাব,কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল,আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল।24ভাববাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।”