গীতমালা99asm_irv

1যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক।তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে;পৃথিৱী কঁপি উঠক।2চিয়োনত যিহোৱা মহান;সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।3জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক;তেওঁ পবিত্ৰ।4শক্তিশালী ৰজাই ন্যায় ভাল পায় ;তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা;তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা।5আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা,তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা;তেওঁ পবিত্ৰ।6তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ,আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলেপ্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।7তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল;তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।8হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা;তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা,তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।9তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা:কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।