এটি গীত।
1তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা;কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে;তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱেআমাক জয়ী কৰিলে।2যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে;তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।3ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে;পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।4হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা;উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।5বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা,বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।6তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।7সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক;জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।8নদীবোৰে হাত-তালি দিয়ক;পর্বতবোৰে একেলগে আনন্দ গান কৰক,9যিহোৱাৰ সন্মুখতে তেনে কৰক;কিয়নো তেওঁ আহি আছে;পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে।তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব;নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।