গীতমালা97asm_irv
1যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক;দ্বীপ সমূহেও আনন্দ কৰক।2তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে;ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল ।3অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে;চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।4তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল;তাকে দেখি পৃথিৱী কম্পমান হ’ল।5পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত,সমুদায় পৃথিৱীৰ সন্মুখত।6আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে,সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।7লজ্জিত হওঁক সেইসকল,যিসকলে মূৰ্ত্তি পূজা কৰে;যিসকলে অসাৰ প্রতিমাত গর্ব কৰে;যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।8হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে,যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।9হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা;সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।10যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে ;তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে,দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।11ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়;সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।12হে ধাৰ্মিক লোকসকল,যিহোৱাত আনন্দ কৰা,তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।