গীতমালা96asm_irv

1তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা;হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা।2যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা;দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা।3বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা,সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।4কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য;তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।5কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র,কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।6মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে;পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান।7হে জাতিবোৰৰ ফৈদ সমূহ,তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা।8তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা,নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ।9যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা;হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা।10বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা,“যিহোৱা ৰজা।জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব।তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।”11আকাশমণ্ডলে আনন্দ কৰক,পৃথিৱীয়ে উল্লাস কৰক;সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।12পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক;তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব।13যিহোৱাৰ সন্মুখতে গান কৰিব;কিয়নো তেওঁ আহি আছে;তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব;নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।