গীতমালা93asm_irv
1যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত;যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে;জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।2তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল;তুমি অনাদি কালৰে পৰা বিদ্যমান।3হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে,নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে;নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।4মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো,সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।5তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য;হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।