এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত।
1যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম;হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;2ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথাআৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;3দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে,গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।4কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা;মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।5হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ!তোমাৰ চিন্তাবোৰ কেনে গভীৰ!6নির্বোধ লোকে নাজানে,বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;7দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে,অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে,তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।8কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।9কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ,তোমাৰ শত্রুবোৰ ধ্বংস হ’ব;তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।10কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা;তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।11মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ;মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।12ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব;লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।13তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল;তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।14তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব;তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;15তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান;তেৱেঁই মোৰ শিলা,তেওঁত কোনো অধার্মিকতা নাই।