গীতমালা চতুর্থ খণ্ড
ঈশ্বৰৰ লোক মোচিৰ প্ৰাৰ্থনা।
1হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।2পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে,পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে,অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।3তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা;তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।4তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা;যেন ৰাতিৰ এক প্ৰহৰ মাত্র।5তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা,তেওঁলোক এটা সপোনৰ নিচিনা;যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;6ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে;গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।7তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে,তোমাৰ কোপত আমি ব্যাকুল হওঁ।8তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা;তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।9তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়;নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।10আমাৰ আয়ুস মাত্র সত্তৰ বছৰ,হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে;তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে;বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।11তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে?তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?12সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা;যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।13হে যিহোৱা, আৰু কিমান কাল?তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।14পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা,যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।15যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু,যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।16তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম,আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।17আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক;তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা;হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।