গীতমালা88asm_irv

এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত। প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ-মহলৎ-লিয়ান্নোৎ। ইজ্ৰাহীয়া হেমনৰ মচকীল নামৰ গীত।

1হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ যিহোৱা,মই দিনে-ৰাতিয়ে তোমাৰ ওচৰত কাতৰোক্তি কৰিছোঁ।2তোমাৰ আগত মোৰ প্রার্থনা উপস্থিত হওঁক;তুমি মোৰ কাতৰোক্তিলৈ কাণ পাতা।3কাৰণ মোৰ প্রাণ দুখেৰে ভৰি পৰিছে,মোৰ জীৱন প্ৰায় চিয়োলৰ ওচৰ চাপিছে।4গাতলৈ নামি যোৱাবোৰৰ লগত মই গণিত হৈছোঁ;মই অসহায় লোকৰ দৰে বলহীন হৈছোঁ;5মই মৃতবোৰৰ মাজত পৰিত্যাগ কৰা লোকৰ দৰে হৈছোঁ;মৈদামত পৰি থকা হত লোকবোৰৰ নিচিনা হৈছোঁ,যিবোৰক তুমি সোঁৱৰণো নকৰা,যিবোৰ তোমাৰ সহায়ৰ হাতৰ পৰা বিছিন্ন হৈছে।6তুমি মোক গাতৰ সকলোতকৈ তলৰ ঠাইত ৰাখিছা,অন্ধকাৰ আৰু গভীৰ ঠাইত ৰাখিছা।7হে ঈশ্বৰ, তোমাৰ ক্ৰোধে মোক বেৰি ধৰিছে,তোমাৰ সকলো প্রকাৰ ঢৌৰে তুমি মোক দুখ দিছা। (চেলা)।8তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা;তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা;মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।9দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে;হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ;মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।10মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম কৰা?মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)।11মৈদামত জানো তোমাৰ গভীৰ প্রেমৰ বৰ্ণনা আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হব?12অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম জনা যাব?যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্মিকতাৰ কার্য জনা যাব?13হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ,ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।14হে যিহোৱা, কিয় তুমি মোক ত্যাগ কৰিছা?তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা?15মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ;মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছোঁ।মই হতাশ হৈ পৰিছো।16তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে;তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।17সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে;চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।18মোৰ প্রিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা;এতিয়া অন্ধকাৰেই মোৰ সংগী।