গীতমালা86asm_irv

দায়ুদৰ প্ৰাৰ্থনা।

1হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া;কিয়নো মই দুখী আৰু দৰিদ্ৰ।2মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত;তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।3হে প্ৰভু, মোক কৃপা কৰা;কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।4তোমাৰ দাসৰ মনত আনন্দ দান কৰা;কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।5হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী;তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।6হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা,মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।7সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম;কিয়নো তুমি মোক উত্তৰ দিবা।8হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই;তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।9হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব;তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।10কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা।কেৱল তুমিয়েই ঈশ্বৰ।11হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া,যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ;তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।12হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্ৰশংসা কৰিম,চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।13কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম;চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা।14হে ঈশ্বৰ, অহঙ্কাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে;অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে;তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।15কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ;তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।16তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা;তোমাৰ দাসক তোমাৰ শক্তি দান কৰা;তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।17মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা,যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়;কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।