গীতমালা85asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত।

1হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা।তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা।2তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা;তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা)3তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা।4হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা;আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।5তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি?সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?6তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে,তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?7হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা;তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।8ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম;কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব,যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।9তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট;তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।10গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব;ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।11দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব;স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব।12যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব।আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব।13ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব;তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।