প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া কোৰহৰ বংশৰ ৰচিত গীত।
1হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম!2যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে।জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে।3হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে,ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে,তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে।4ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে;তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)5ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে,যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।6শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে;প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে।7যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়;তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।8হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা;হে যাকোবৰ ঈশ্বৰ, মোৰ কথা শুনা। (চেলা)9হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা;তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা।10কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম;দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।11কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ;তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে;যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।12হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য।