গীতমালা82asm_irv

আচফৰ ৰচিত গীত।

1ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে;দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।2“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)3তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা;দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।4দুখীয়া আৰু কঙালক বচোৱা;দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”5তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই;চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে;পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।6মই ক’লো, “তোমালোকেই দেৱতাবোৰ;তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।7কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা;অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”8হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা;কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।