গীতমালা8asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।

1হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা।2শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰেতোমাৰ শত্রুবোৰৰ কাৰণেতুমি এক কোঁঠ স্থাপন কৰিলা,যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।3যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰুতাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,4তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা?মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা?5কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি স্রজন কৰিলা ,গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।6তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা;সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা ; সেইবোৰ -7মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,8আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰআৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।9হে যিহোৱা, আমাৰ প্ৰভু,গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!