গীতমালা79asm_irv

আচফৰ ৰচিত গীত।

1হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল;তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে;তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।2তোমাৰ দাসবোৰৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে;তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে।3যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে;তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।4চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ;আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।5হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে?তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?6তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া,তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া।7কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে,তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।8আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা;শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া,কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।9হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ,তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা;তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।10আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?”তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত,তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।11বন্দীবোৰৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক;যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে,তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।12হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক অপমান কৰিছে,তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।13তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ মেৰ-ছাগ যি আমি,আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম,আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম।