মচকীল নামে আচফৰ ৰচিত গীত
1হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া;মোৰ মুখৰ কথালৈ কাণ পাতা।2মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম;মই পূৰ্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।3এই যি যি কথা আমি শুনিলো আৰু জানিলোঁ,আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।4তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম;আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম;তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।5কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে,ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে;তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।6যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই,তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।7তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব,তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব,কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।8তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব;সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।9ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।10তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে,তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।11তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল।তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।12ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল;মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।13তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে,তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে।14দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।15মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে।16তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে,সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে।17কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল,সৰ্ব্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে।18তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি,তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।19তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে,“ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে?20তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল;সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে?তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?”21এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল;যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল;ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল;22কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল;তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।23তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।24লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে,স্বৰ্গৰ শস্য তেওঁলোকক দিলে।25মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে;তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।26তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে;তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।27তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে,সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;28তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালেতেওঁ সেইবোৰক পৰিবলৈ দিলে।29তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল;তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।30কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই,এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই31ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল;তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে,ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।32তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল,তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে।33সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে,তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।34তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে;তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।35তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা,সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।36কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে,জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,37তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল,তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।38তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে,তেওঁলোকক ধ্বংস নকৰিলে;এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।39তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে;তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে।40মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে!সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে!41বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে,ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক অসন্তুষ্ট কৰিলে।42তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে,মনত নাৰাখিলে সেই দিনৰ কথা-যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;43যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।44সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল,যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।45তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল,সেইবোৰে তেওঁলোকক গ্রাস কৰিলে;তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।46তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।47তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে,আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে।48তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে,বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে।49তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে;সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।50তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে;তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে,কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে।51তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে,হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে।52তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে।53তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে;কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।54তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে;যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে।55তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে;সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে;আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।56কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে;তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।57তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে;ত্রুটিপূর্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।58তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে;তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।59এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে;তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।60চীলো নগৰত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে।61নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।62তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে;আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।63তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে;তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহল ।64তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল,তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।65তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল;দ্ৰাক্ষাৰস পান কৰি চিঞৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।66তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আঁতৰাই দিলে;তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে।67পাছত তেওঁ যোচেফৰ বংশক অগ্ৰাহ্য কৰিলে;ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে;68কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে,সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।69তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে,তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।70তেওঁ নিজ দাস দায়ুদক মনোনীত কৰিলে,তেওঁ তেওঁক মেৰ-ছাগৰ গঁৰালৰ পৰা আনিলে।71গাখীৰ দিয়া মেৰ-ছাগৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে,যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক,যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।72দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে;তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে।