গীতমালা75asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: অলতচেৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত, সঙ্গীত।

1হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম;আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা;লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে।2যেতিয়া নিৰুপিত সময় উপস্থিত হব;তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।3যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল;তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। [চেলা]4মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;”দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা;দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।5তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা;তোমালোকে গর্ব কৰি কথা নকবা।”6কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।7কিন্তু ঈশ্বৰ ন্যায় বিচাৰক;কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে।8কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে,তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে;আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে;পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।9কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম;মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।10তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং কাটি পেলাম;কিন্তু ধাৰ্মিক লোকসকলৰ শিং উচ্চ কৰিম।”