গীতমালা71asm_irv
1হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ;মোক কেতিয়াও অপমানিত হবলৈ নিদিবা।2তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা;মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা।3মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ;তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা,কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।4হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,অধৰ্মি আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা।5কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা;সৰু কালৰে পৰা তুমি মোৰ বিশ্বাসভূমি।6গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ;মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই;মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।7মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ;কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান।8মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব,আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।9বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা;মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।10কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে;তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।11তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে;খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”12হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা;হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।13মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক;মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।14কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম,তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।15এইয়া মোৰ বোধৰ অগম্য হলেও,মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম,ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;16মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম;মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম।17হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা;আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ।18প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা,মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম;আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।19হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী;হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে?20তুমি আমাক বিষম সঙ্কট দেখুৱাইছা,তুমি আকৌ আমাক পুনৰায় জীবিত কৰা;পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।21তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা;পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।22হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম;হে ইস্ৰায়েলৰ পবিত্ৰ জনা,মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।23মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঁঠ অতিশয় আনন্দিত হয়;তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়।24মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম;মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল।