প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত।
1হে ঈশ্বৰ, মোক ৰক্ষা কৰা!হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।2যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক;মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।3যিসকলে মোক আহা আহা বোলে;তেওঁলোকে লাজ পাই উলটি যাওক।4তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক;তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।5কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ;হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ;তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা;হে যিহোৱা, পলম নকৰিবা।