বিন্যামীনীয়া কুচৰ নিমিত্তে: যিহোৱাৰ উদ্দেশ্যে দায়ুদে গোৱা চিগগায়োন নামৰ গীত।
1হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ!মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।2নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব,সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।3হে মোৰ ঈশ্বৰ যিহোৱা, যদি মই এনে কোনো কৰ্ম কৰি আছোঁ,যদি অন্যায়ৰ কোনো কার্য মোৰ হাতত লাগি আছে,4যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছোঁ,বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছোঁ,5তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক,সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক,মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা)6হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা,মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা,মোৰ অৰ্থে তুমি সাৰ পোৱা;হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।7সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক;তুমি উর্দ্ধলৈ উলটি গৈ পুনৰ লোক সকলৰ ওপৰত ৰাজত্ব কৰা।8যিহোৱাই লোকসকলৰ বিচাৰ কৰে;হে যিহোৱা, মোৰ ধাৰ্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰেতুমি মোৰ বিচাৰ কৰা, হে মোৰ সৰ্ব্বোপৰি জনা।9হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা;তুমি দুষ্টৰ দুষ্টতা শেষ কৰা,কিন্তু ধাৰ্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।10ঈশ্বৰ মোৰ ঢাল;যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে।11ঈশ্বৰ এজন ন্যায়বিচাৰক,তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।12কোনোৱে যদি মন পালটন নকৰে,তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব;তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে।13তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে;নিজৰ জ্বলন্ত মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰিছে।14ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে;সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগেআৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।15তেওঁলোকে মাটি খান্দি দ গাত কৰে,আৰু নিজেই খন্দা গাতত নিজে পৰে।16তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে,তেওঁলোকে যি অনিষ্ট কৰে,সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।17সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায় বিচাৰ কৰে;মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।