গীতমালা69asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা;কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।2মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই;গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।3মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল;মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।4অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক;অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী;মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।5হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা;আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।6হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে;হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।7তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে;তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।8মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ;তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।9কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে;আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।10যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ ;তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।11যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ;তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।12নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে;মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।13কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা;তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।14বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা;মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।15ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক;আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।16হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম;তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।17তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা;কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।18তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা;মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।19মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা;মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।20তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল;কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ,কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।21তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে;মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।22তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব;আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব23তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক;তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।24তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা;তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।25তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক;তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।26কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা;তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।27তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া;তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।28জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক;আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।29কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো;হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।30মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম;ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।31তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম;নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।32নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব;হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।33কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে;আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।34আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক;সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।35কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব;লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।36তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব;তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।