প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া গীত, সঙ্গীত।
1হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা,তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।2গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে;সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।3হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক;সকলো লোকে তোমাৰ প্ৰশংসা কৰক।4জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব;এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা,পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা]5হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক,সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।6পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে;ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব।7ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব,আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।