প্ৰধান বাদ্যকৰৰ নিমিত্তে: গীত, সঙ্গীত।
1হে গোটেই পৃথিবীৰ লোকসকল,তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা।2তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা;তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।3তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক!তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।4গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব,তোমাৰ উদ্দেশ্যে গীত গান কৰিব;তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। [চেলা]5আহাঁ, ঈশ্বৰৰ কাৰ্যবোৰ চাওগৈ;তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য সন্তান সকলে ভয়ঙ্কৰ যেন মানিলে।6তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে;লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল;সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।7তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে;তেওঁ জাতিবোৰলৈ চকু ৰাখে;বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। [চেলা]8হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা,আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;9যি জনাই আমাক জীয়াই ৰাখে,যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।10কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা,ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।11তুমি আমাক জালেৰে মেৰিয়াই আনিলা;তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।12তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা,আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ;কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।13মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম;আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম।14মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ,দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম।15মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে,মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম;ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। [চেলা]16হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা;তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।17মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ,আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল।18যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন,তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;19কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে;তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।20ঈশ্বৰ ধন্য হওক,তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে,আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে।