গীতমালা65asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত, সঙ্গীত।

1হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে;তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।2হে প্ৰাৰ্থনা শুনোতা জনা,তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।3আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে;তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।4ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা;তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব,আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।5তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা;ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা;পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি;সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।6এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে;শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।7সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে,আৰু তাৰ ঢৌৰ গর্জন,লোক সকলৰ কোলাহল শান্ত কৰে;8পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে;সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।9তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা;তুমি তাক বহু ফলৱান কৰিলা;ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ;তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।10তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা;তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা;তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা;তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।11তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা;আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।12অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়;আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।13চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে;উপত্যকাবোৰ শস্যৰে ঢকা হৈছে;সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।