যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত।
1হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ;আন্তৰিকতাৰে মই তোমাক বিচাৰিম;পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে,মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।2এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ,পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।3কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম;মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।4এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম,তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।5লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব;আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।6মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো;নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।7কিয়নো তুমি মোৰ সহায়কর্তা;তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।8মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে;তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।9যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে,তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।10তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব;আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।11কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব;তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব,কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।