প্ৰধান বাদ্যকৰৰ নিমিত্তে যিদূথনৰ অৰ্থে দায়ূদৰ ৰচিত গীত।
1মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে;তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।2কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।3এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা?তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা ।4তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে;তেওঁলোকে মিছা কথাত সন্তোষ পায়;মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা]5হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা;কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।6কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।7ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।8হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা;তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা;তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা;কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]9অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা;তেওঁলোক তৰ্জুত দাং খাব;ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।10তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা;বৃথা ধনী হ’বলৈ আশা নকৰিবা,ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।11ঈশ্বৰে এবাৰ ক’লে;মই ইয়াক দুবাৰ শুনিলোঁ,যে পৰাক্ৰম ঈশ্বৰৰহে।12হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন;কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।