গীতমালা61asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা;মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।2মোৰ মন দুখত যেতিয়া ভাঙি পৰে,মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম;তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।3কিয়নো তুমি মোৰ আশ্ৰয়,শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।4মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম;তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। [চেলা]5কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা।তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।6তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা;তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।7তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব;তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।8তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম;প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।