প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত।
1হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা;তোমাৰ ক্রোধত মোক শাসন নকৰিবা।2হে যিহোৱা, মোক কৃপা কৰা,কিয়নো মই দুর্বল;হে যিহোৱা মোক সুস্থ কৰা,কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।3মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে;হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?4হে যিহোৱা, মোলৈ ঘূৰি চোৱা,মোৰ প্ৰাণ ৰক্ষা কৰা;তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।5মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়;চিয়োলত কোনে তোমাৰ প্ৰশংসা কৰিব?6মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো;গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও;মোৰ বিচনা তিতি যায়।7দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে;শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।8হে দুষ্ট কার্য কৰা লোকবিলাক,তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা;কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।9যিহোৱাই মোৰ নিবেদন শুনিলে;তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।10মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব;সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।