গীতমালা57asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। তেওঁ চৌলৰ সন্মুখৰ পৰা গুহালৈ পলাই যোৱা সময়ৰ গীত।

1হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা;কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে;এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।2মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম,মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।3মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা]।ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।4মোৰ জীৱন শত্রুবোৰৰ মাজত আছে ,সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ,আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ,এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।5হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা;গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।6সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে;মোৰ প্ৰাণ নত হৈছে।সিহঁতে মোৰ সন্মুখত গাত খানিলে;সিহঁত নিজেই তাৰ ভিতৰত পৰিল। [চেলা]।7হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল,মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।8হে মোৰ হৃদয়, সাৰ পোৱা;হে নেবল আৰু বীণা, সাৰ পোৱা;মই প্ৰভাতক জগাম।9হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম;লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।10কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে,আৰু তোমাৰ সত্যতা আকাশলৈকে।11হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা;গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।