প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ূদৰ ৰচিত গীত।
1হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা।2মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;3শত্ৰুৰ কথাৰ কাৰণে,দুষ্টৰ অত্যাচাৰৰ বাবে,তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে,তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।4মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে,মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।5ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে;আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ।6মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে!তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন,7চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন;গৈ অৰণ্যত বাস কৰিলোহেঁতেন। [চেলা]8প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা,শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।9হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা;মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।10তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে;অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।11ইয়াৰ ভিতৰত মন্দতা আছে;পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে।12কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়;কৰা হলে, মই তাক সহিলোহেঁতেন;মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়;কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।13কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ;মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।14আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ;লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।15মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক,জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক;কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে।16মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম;তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।17গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম;তাতে তেওঁ মোৰ মাত শুনিব।18কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল;মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।19ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে;তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। [চেলা]যি মানুহৰ পৰিবৰ্ত্তন নাই;তেওঁলোকে ঈশ্বৰক ভয় নকৰে।20মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে;তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।21তেওঁৰ মুখ মাখনৰ নিচিনা কোমল,কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী;তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া,সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।22যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব;তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।23কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা;ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব;কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।