গীতমালা52asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ মচকীল নামে গীত। যেতিয়া ইদোমীয়া দোৱেগে চৌলৰ ওচৰলৈ আহি কৈছিল, - “দায়ুদ অহীমেলকৰ ঘৰলৈ আহিছে” এইয়া সেই সময়ৰ ৰচিত গীত।

1হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা?ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে2তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা;হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;3তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা,সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]।4হে ছলনাকাৰী জিভা,যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।5কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব;তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব;জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)6ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব;তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,7“চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে,কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে,দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে ।”8কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা;মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।9হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম;তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল