গীতমালা5asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: বাঁহী বজাই গোৱা দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা।2হে মোৰ ৰজা, মোৰ ঈশ্বৰ,তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা;কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ।3হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা;ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।4তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা;দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।5যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব;সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।6যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা;যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।7কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদিতোমাৰ গৃহত সোমাম,মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাইমোৰ মূৰ নত কৰিম।8হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণেতুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া;তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।9মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই।সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে।সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম,সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়।10হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া;সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক।সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া;কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।11কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক;তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক,তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰাযাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়।12কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা;তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।