প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ সন্তান সকলৰ ৰচিত গীত।
1হে সমুদায় জাতি, তোমালোকে এইকথা শুনা;হে জগত-নিবাসী, কাণ পাতা।2উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।3মোৰ মুখে জ্ঞানৰ কথা কব;মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।4মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম;বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম।5মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে,সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম?6সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।7কোনেও কাকো কোনো প্রকাৰে নিজক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে।নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে,যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে।8কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক;মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,9যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব।10আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়;নির্বোধ আৰু বিবেকহীন লোকৰ দৰেইতেওঁলোক বিনষ্ট হয়।তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।11তেওঁলোকৰ মৈদাম , তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী,তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব,সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।12কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়;তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।13যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে,আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে,সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)14তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ;মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব;তেওঁলোক চিয়োললৈ নামি যাব ।তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব;তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব।15কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব;মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা)।16যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা;তেওঁৰ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।17কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব;তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।18যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে,কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;19তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব,যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।20কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়;তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।