গীতমালা47asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে:কোৰহৰ সন্তান সকলৰ ৰচিত গীত।

1হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া;আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।2সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক;সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।3তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে,জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।4তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে;সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)5ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে;যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।6তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,প্ৰশংসাৰ গান কৰা;তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,প্রশংসাৰ গান কৰা।7কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা;তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।8সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে;তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।9জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে;অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে;কিয়নো পৃথিবীৰ ঢালবোৰ ঈশ্বৰৰ;তেৱেঁই সবাতোকৈ মহান।