প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: চোচন্নীম। কোৰহৰ বংশৰ মচকীল নামৰ প্ৰেম সঙ্গীত।
1মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে;ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো;মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।2মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ;তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ;ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে।3হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা;গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।4ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা;তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক।5তোমাৰ ধনুৰ কাঁড়বোৰ চোকা;ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়;জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;6ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী , অনন্ত কাললৈকে থাকে;তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।7তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা;সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈঅধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।8গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে।হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে।9তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে;তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।10হে কন্যা, মন দি কাণ পাতি শুনা;তোমাৰ লোকসকলক তুমি পাহৰি যোৱা;তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।11তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব;কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।12তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব;ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।13ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব;তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।14নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব;তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।15আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব;তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব।16তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব;লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা।17মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম;সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।