প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ মচকীল নামৰ গীত।
1হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে,তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।2ঈশ্বৰৰ কাৰণে, জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে;মই কেতিয়া আহি ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’ম?3মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল,কিয়নো লোকসকলে ওৰে দিনটো মোক কয়,“তোমাৰ ঈশ্বৰ ক’ত আছে?”4কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে,তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁপর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।5হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা?কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।6মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে;সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰাতোমাৰ কথা ভাবিছোঁ।7তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে;তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে।8যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়;মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।9মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা?মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?”10মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে “তোমাৰ ঈশ্বৰ ক’ত আছে”তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে।11হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা?কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ।