প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদূথুণৰ প্রতি দায়ুদৰ ৰচিত গীত।
1মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম;যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ;যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”2মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে।3মই মোৰ অন্তর্জ্বালাত দহিছো।মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,4“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা;মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া;মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।5চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা;তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা;বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)6বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে;তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে;তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।7“হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।8মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা;বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।9মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।10মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা;তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ।11তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা,তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া।বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)12হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা;মোৰ চকুলো দেখি নিৰৱে নাথাকিবা!মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।13মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।”