গীতমালা38asm_irv

দায়ুদৰ ৰচিত গীত; স্মৰণাৰ্থক উৎসর্গৰ গীত।

1হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা;তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা।2কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে,তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে।3তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই;মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই।4মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে;সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে।5মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে।6মই দুখ পাই বৰ কুঁজা হৈ পৰিছো,ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ।7মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে,মোৰ শৰীৰৰ ক’তো সুস্থতা নাই।8মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ;মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।9হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা;মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।10মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে;এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।11মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে,মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।12যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে,যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়;তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।13মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো;মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।14যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।15হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছোঁ;হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা।16মই প্রার্থনা কৰি কওঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।”17মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে।18মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ।19যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী।যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক।20মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰোঁ, তেওঁলোক মোৰ বিৰোধী।21হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা।22হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা; মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ।