গীতমালা36asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত

1পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়;দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।2তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব।3তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ;তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে।4তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে;অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।5হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত,আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে।6তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা;তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা।হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা।7হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য!সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়।8তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়;তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।9কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে;তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।10যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে,যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।11মোক অহঙ্কাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা;দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে।12যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল;উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল।