গীতমালা33asm_irv

1হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা,তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম।2বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা।3তেওঁৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; দক্ষতাৰে বাদ্য-যন্ত্র বজাই জয়-ধ্বনি কৰা।4যিহোৱাৰ বাক্য সত্য; তেওঁৰ সকলো কাৰ্যত তেওঁ বিশ্বাসযোগ্য।5তেওঁ ধাৰ্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়;সমগ্র পৃথিৱী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ।6যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল,তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।7তেওঁ সমুদ্ৰৰ জল সমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে;মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে।8গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক;জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক।9কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল,তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।10যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে,তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।11যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে;তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।12ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা;সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।13যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে;তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে।14পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।15তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে।16বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়;মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।17জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা;মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।18যিসকলে যিহোৱালৈ ভয় ৰাখে,যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে,যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,19যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে;আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;20আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে;তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।21আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।22হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক,কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।