গীতমালা31asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।2মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা;মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা,মোৰ দৃঢ় কোঁঠ হোৱা।3তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।4মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা;কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।5হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;6যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ;কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।7তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম;কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা;মোৰ দুর্দশাত তুমি চিন্তিত থ’লো8তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা;বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।9হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ;দুখত মোৰ চকু সোমাই গৈছে;মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।10মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ,হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে;মোৰ দূখ ৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে।11মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র,চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়,মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ;বাটত মোক দেখিলে মানুহবোৰ পলাই যায়।12মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে;মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।13মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে।তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে,মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।14কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ;মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”15তোমাৰ হাততেই মোৰ সকলো সময় আছে,মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।16তোমাৰ দাসৰ প্রতি তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ অসীম প্রেমত মোক ৰক্ষা কৰা।17হে যিহোৱা, মই তোমাক মাতিছো,তুমি মোক লাজত পৰিবলৈ নিদিবা;দুষ্ট লোক বৰং লাজত পৰক,চিয়োলত নীৰৱে থাকক।18অহংকাৰ আৰু তুচ্ছ ভাব লৈযিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়,সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।19অহ! তোমাৰ মঙ্গল কিমান যে মহান!যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা;তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।20তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি,মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা;বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।21যিহোৱা ধন্য হওঁক;যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ,তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।22মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”;তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।23হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা;যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে,কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।24তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা,তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক।