গীতমালা3asm_irv

পুত্ৰ অবচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে!মোৰ বিৰুদ্ধে অনেকেই উঠিছে!2অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক সহায় নকৰে।” (চেলা )3কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;তুমিয়েই মোৰ গৌৰৱ;তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।4মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)5মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ;কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।6মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।7হে যিহোৱা উঠি আহাঁ!হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা;তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা;দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।8পৰিত্ৰাণ যিহোৱাতে আছে;তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)