দায়ুদৰ ৰচিত গীত
1হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ;হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা।কাৰণ, তুমি যদি মনে মনে থাকা,তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব।2সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ,তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো,তেতিয়া তুমি মোৰ নিবেদন শুনা।3যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে,যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়,অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে,সেইসকলৰ লগত তুমি মোক টানি নিনিবা।4তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে,তুমি তেওঁলোকক প্ৰতিফল দিয়া;তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া।তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।5কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে;সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব,আৰু পুনৰায় গঢ় নিদিব।6সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।7যিহোৱাই মোৰ বল আৰু মোৰ ঢাল;মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে।সেইবাবেই মই সহায় পাইছোঁ।সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে;মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।8যিহোৱা তেওঁৰ লোকসকলৰ বল;তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।9হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা,তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা;তুমি তেওঁলোকৰ ৰখীয়া হোৱাআৰু চিৰকাল তেওঁলোকক বৈ নিয়া।