গীতমালা27asm_irv

দায়ুদৰ ৰচিত গীত

1যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;মই কাক ভয় কৰিম?যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,মই কাৰ বাবে ত্ৰাসযুক্ত হম?2দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে,তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।3সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে,মোৰ হৃদয়ে ভয় নকৰিব;মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়,তেতিয়াও মই সাহসেৰে থাকিম।4যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ,মই তাকেই অন্বেষণ কৰিম:মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈমোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।5আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব,নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব;তেওঁ মোক শিলৰ ওপৰত তুলি থব।6যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে,তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব;মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম।মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!7হে যিহোৱা, মই মাতিলে, তুমি শুনা।মোক কৃপা কৰা, মোক উত্তৰ দিয়া!8মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।”হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।9তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা।তুমিয়েই মোৰ সহায় হৈ আহিছা;হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!10মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।11হে যিহোৱা,মোৰ শত্রুবোৰৰ কাৰণে,তুমি মোক তোমাৰ পথ শিকোৱা;তুমি মোক সমান পথত চলোৱা।12মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা;কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে;তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।13মই বিশ্বাস কৰোঁ যে,জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম !14তুমি যিহোৱালৈ অপেক্ষা কৰা;সবল হোৱা;তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক;পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।