গীতমালা26asm_irv

দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মোৰ বিচাৰ কৰা,কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ,অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।2হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা;মোৰ হৃদয় আৰু মনক খপি চোৱা।3কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে,মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।4প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই।অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।5মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ;দুষ্ট লোকৰ লগত নবহো।6হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ,আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,7যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ;তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।8হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা,তোমাৰ গৌৰৱ সেই ঠাইত থাকে,মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।9পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা;ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।10তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে;তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।11কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ;মোক মুক্ত কৰা; মোক কৃপা কৰা।12মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে;মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।