দায়ুদৰ ৰচিত গীত
1যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।2তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়;আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।3তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে;নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।4এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ,কিয়নো তুমি মোৰ সঙ্গত আছা;তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।5তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা;তুমি মোৰ মূৰ তেলেৰে তিয়াইছা;মোৰ পান-পাত্ৰ উপচি পৰিছে ।6অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব,আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।