গীতমালা17asm_irv

দায়ুদৰ প্ৰাৰ্থনা।

1হে যিহোৱা, তুমি ন্যায় কথা শুনা;মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া;ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।2মোৰ ওপৰত তোমাৰ বিচাৰ যেন ন্যায্য হয়;যি সত্য, তাক তোমাৰ দুচকুৱে দেখক।3যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা;ৰাতি মোৰ কাষলৈ আহাঁ;যদি মোক খপি পুৰি পৰীক্ষাও কৰা,তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা;মই সিদ্ধান্ত কৰিলোঁ, মোৰ মুখে অপৰাধ নকৰে।4মানুহে যিবোৰ কার্য কৰে, সেয়া নকৰি,মই তোমাৰ ওঁঠৰ বাক্যৰ সহায়ত উচ্ছৃঙ্খল পথৰ পৰা মই নিজকে পৃথক কৰি ৰাখিছোঁ।5তোমাৰ পথতে মই মোৰ ভৰি স্থিৰে ৰাখিছো;মোৰ ভৰি পিছল খোৱা নাই।6হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ,কিয়নো তুমি মোক উত্তৰ দিবা;মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।7তোমাৰ গভীৰ প্রেম, আশ্চর্যভাৱে প্রকাশ কৰা;হে ত্রাণকর্তা, শত্রুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যি সকলে তোমাত আশ্ৰয় লয়,তুমি তেওঁলোকক তোমাৰ সোঁ-হাতেৰে ৰক্ষা কৰা।8চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা;তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;9যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে,সেই দুষ্ট লোকসকলৰ পৰা,যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে,সেই শত্রুবোৰৰ পৰা,তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা।10তেওঁলোকে তেওঁলোকৰ হৃদয়ত থকা মমতাৰ দুৱাৰ বন্ধ কৰি ৰাখিছে,তেওঁলোকে মুখেৰে অহংকাৰৰ কথা কয়;11তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে;তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে,যাতে মোক মাটিত পেলাব পাৰে।12তেওঁলোক চিকাৰ ছিৰা-ছিৰ কৰিবলৈ আগ্রহী হোৱা সিংহৰ নিচিনা;গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ।13হে যিহোৱা, তুমি উঠা,তেওঁলোকক আক্ৰমণ কৰা,তেওঁলোকক দলিয়াই পেলোৱা;তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।14হে যিহোৱা,মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা;সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে।তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক,তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক,শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।15কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম;মই যেতিয়া সাৰ পাম,তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।