মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।
1হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।2মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু;তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”3পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান;তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।4যিসকলে আন দেৱতাক মনোনীত কৰে,তেওঁলোকৰ অধিক যাতনা হ’ব,তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম;দেৱতাৰ নামো মোৰ ওঁঠত নলম।5যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র;মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।6মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই,অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।7যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম;ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।8মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।9এই কাৰণে মোৰ মন আনন্দেৰে ভৰা,মোৰ হৃদয়ে উল্লাস কৰে;মোৰ শৰীৰ নিৰাপদে থাকিব।10কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা,তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা।11তুমি মোক জীৱনৰ পথ শিকাইছা;তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ;তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।